দেউতা
দেউতা
দেউতা শব্দটো
কিমান যে শান্তিৰ নহয়নে?
কিয়নো এই শব্দটো
ইমানেই নীৰৱতা হৈ পৰে—
দেউতা...
তোমাক ক’বলৈ
বহু কথা আছে,
কিন্তু কিয় জানো,
হিয়া আজুৰি
একোৱেই ক’ব নোৱাৰোঁ।
অ’ দেউতা,
দেউতা…
আজি বুকুখন বৰকৈ বিষাইছে অ’...
কিন্তু তোমাক চালে
একোৱেই ক’ব নোৱাৰা হৈ পৰোঁ।
তোমাৰ দুচকুত
বহুতো সপোন দেখিছোঁ অ’ দেউতা,
কিন্তু তোমাৰ এই আজলীজনীক
এটুপুলা সময়
বান্ধি দিবা নেকি?
তোমাৰ সেই প্ৰথম অৱস্থাৰ পৰা
দেখি অহা কষ্ট,
সহ্য, ধৈৰ্য আৰু শক্তি—
মই আজিও দেখিছোঁ অ’ দেউতা।
কিন্তু মই আজিলৈকে
সেইখিনি এমুঠিও
কম কৰিব পৰা নাই...
ন দেউতা...?
মই বুজোঁ অ’ দেউতা,
তোমাৰ সেই বিষাদ যন্ত্ৰণা...
তুমি যিদৰে
সদায় মোৰ ছাঁ হৈ
ৰৈ আহিছা,
ঠিক তেনেদৰে
মইও তোমাৰ ছাঁ হৈ
ৰ’ম।
মাথোঁ সেই সময়কণলৈ
মই ৰৈ দিছোঁ...
অ’ দেউতা...
তোমালৈ বুলি
সেই একেই প্ৰশ্ন—
তোমাৰ এই আজলীজনীক
দিবা নে
অকণমান সময়...??